1. [QS]হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; [QE][QS]মোক কেতিয়াও অপমানিত হবলৈ নিদিবা। [QE]
2. [QS]তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; [QE][QS]মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা। [QE]
3. [QS]মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ; [QE][QS]তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, [QE][QS]কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ। [QE]
4. [QS]হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, [QE][QS]অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা। [QE]
5. [QS]কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; [QE][QS]সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি। [QE]
6. [QS]গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; [QE][QS]মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; [QE][QS]মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম। [QE]
7. [QS]মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; [QE][QS]কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান। [QE]
8. [QS]মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, [QE][QS]আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব। [QE]
9. [QS]বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; [QE][QS]মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা। [QE]
10. [QS]কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; [QE][QS]তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে। [QE]
11. [QS]তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; [QE][QS]খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।” [QE]
12. [QS]হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; [QE][QS]হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ। [QE]
13. [QS]মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; [QE][QS]মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক। [QE]
14. [QS]কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, [QE][QS]তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম। [QE]
15. [QS]এইয়া মোৰ বোধৰ অগম্য হলেও, [QE][QS]মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, [QE][QS]ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম; [QE]
16. [QS]মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; [QE][QS]মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম। [QE]
17. [QS]হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; [QE][QS]আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ। [QE]
18. [QS]প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, [QE][QS]মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; [QE][QS]আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম। [QE]
19. [QS]হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; [QE][QS]হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে? [QE]
20. [QS]তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, [QE][QS]তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; [QE][QS]পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা। [QE]
21. [QS]তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; [QE][QS]পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া। [QE]
22. [QS]হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; [QE][QS]হে ইস্ৰায়েলৰ পবিত্ৰ জনা, [QE][QS]মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। [QE]
23. [QS]মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; [QE][QS]তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়। [QE]
24. [QS]মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; [QE][QS]মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল। [QE]