1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত। } [QS]ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; [QE][QS]তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক। [QE]
2. [QS]ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; [QE][QS]মম যেনেকৈ জুইৰ ওচৰত গলি যায়, [QE][QS]তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক। [QE]
3. [QS]কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; [QE][QS]তেওঁলোকে আনন্দ কৰি উল্লাস কৰক। [QE]
4. [QS]তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; [QE][QS]মৰুভূমি[* তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে। ]ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; [QE][QS]তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। [QE]
5. [QS]ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা[† ৰক্ষাকর্তা ]। [QE]
6. [QS]অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; [QE][QS]তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; [QE][QS]কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে। [QE]
7. [QS]হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, [চেলা] [QE]
8. [QS]তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; [QE][QS]এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; [QE][QS]ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত। [QE]
9. [QS]হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; [QE][QS]তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা। [QE]
10. [QS]তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; [QE][QS]হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা। [QE]
11. [QS]যিহোৱাই লোক সমূহক আদেশ দিয়ে; [QE][QS]সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল। [QE]
12. [QS]তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” [QE][QS]ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে: [QE]
13. [QS]যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - [QE][QS]তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব। [QE]
14. [QS]সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, [QE][QS]তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল। [QE]
15. [QS]হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; [QE][QS]হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত! [QE]
16. [QS]হে অনেক শৃঙ্গ সম্বলিত পর্বত, [QE][QS]ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? [QE][QS]সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব। [QE]
17. [QS]ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; [QE][QS]যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব[‡ যিহোৱা তাৰ মাজত আছে, চীনয় পর্বত পবিত্ৰ স্থান। ]। [QE]
18. [QS]তুমি যেতিয়া ওখ পর্বতত উঠিলা, [QE][QS]তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; [QE][QS]লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, [QE][QS]যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা। [QE]
19. [QS]প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা) [QE]
20. [QS]আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। [QE][QS]যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে। [QE]
21. [QS]কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, [QE][QS]যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব। [QE]
22. [QS]প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; [QE][QS]সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম, [QE]
23. [QS]যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, [QE][QS]আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।” [QE]
24. [QS]হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; [QE][QS]পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে। [QE]
25. [QS]আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, [QE][QS]খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে। [QE]
26. [QS]তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; [QE][QS]হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা। [QE]
27. [QS]তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; [QE][QS]সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, [QE][QS]সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে। [QE]
28. [QS]হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া[§ শক্তি থকা আজ্ঞা মোক দিয়া। ]; [QE][QS]হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা। [QE]
29. [QS]যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব। [QE]
30. [QS]নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; [QE][QS]বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। [QE][QS]যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; [QE][QS]যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা। [QE]
31. [QS]মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে[* কুচে ইথিওপিয়া ] ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব। [QE]
32. [QS]হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা) [QE]
33. [QS]তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। [QE][QS]শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে। [QE]
34. [QS]ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; [QE][QS]তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে। [QE]
35. [QS]হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। [QE][QS]ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। [QE][QS]ঈশ্বৰৰ প্রশংসা হওঁক! [QE]