1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: গীত, সঙ্গীত। } [QS]হে গোটেই পৃথিবীৰ লোকসকল, [QE][QS]তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা। [QE]
2. [QS]তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; [QE][QS]তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা। [QE]
3. [QS]তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! [QE][QS]তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব। [QE]
4. [QS]গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, [QE][QS]তোমাৰ উদ্দেশ্যে গীত গান কৰিব; [QE][QS]তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা] [QE]
5. [QS]আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; [QE][QS]তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে। [QE]
6. [QS]তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; [QE][QS]লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; [QE][QS]সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ। [QE]
7. [QS]তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; [QE][QS]তেওঁ জাতিবোৰলৈ চকু ৰাখে; [QE][QS]বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। [চেলা] [QE]
8. [QS]হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, [QE][QS]আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা; [QE]
9. [QS]যি জনাই আমাক জীয়াই ৰাখে, [QE][QS]যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে। [QE]
10. [QS]কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, [QE][QS]ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা। [QE]
11. [QS]তুমি আমাক জালেৰে মেৰিয়াই আনিলা; [QE][QS]তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা। [QE]
12. [QS]তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, [QE][QS]আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; [QE][QS]কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা। [QE]
13. [QS]মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; [QE][QS]আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম। [QE]
14. [QS]মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, [QE][QS]দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম। [QE]
15. [QS]মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, [QE][QS]মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; [QE][QS]ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা] [QE]
16. [QS]হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; [QE][QS]তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ। [QE]
17. [QS]মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, [QE][QS]আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল। [QE]
18. [QS]যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, [QE][QS]তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন; [QE]
19. [QS]কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; [QE][QS]তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে। [QE]
20. [QS]ঈশ্বৰ ধন্য হওক, [QE][QS]তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, [QE][QS]আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে। [QE]