Assamese Bible Languages

Indian Language Bible Word Collections
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত। } [QS]মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; [QE][QS]তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। [QE]
2. [QS]কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; [QE][QS]তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। [QE]
3. [QS]এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? [QE][QS]তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা[* তোমালোক সকলোৱে ওলোটাই তাকেই নষ্ট কৰিবা নে? তেওঁ হালি থকা গড় আৰু ভঙা বেৰৰ নিচিনা। ]। [QE]
4. [QS]তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; [QE][QS]তেওঁলোকে মিছা কথাত সন্তোষ পায়; [QE][QS]মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা] [QE]
5. [QS]হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; [QE][QS]কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। [QE]
6. [QS]কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; [QE][QS]তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। [QE]
7. [QS]ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; [QE][QS]মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। [QE]
8. [QS]হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; [QE][QS]তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; [QE][QS]তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; [QE][QS]কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা] [QE]
9. [QS]অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; [QE][QS]তেওঁলোক তৰ্জুত দাং খাব; [QE][QS]ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন। [QE]
10. [QS]তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; [QE][QS]বৃথা ধনী হ’বলৈ আশা নকৰিবা, [QE][QS]ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। [QE]
11. [QS]ঈশ্বৰে এবাৰ ক’লে; [QE][QS]মই ইয়াক দুবাৰ শুনিলোঁ, [QE][QS]যে পৰাক্ৰম ঈশ্বৰৰহে। [QE]
12. [QS]হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; [QE][QS]কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা। [QE]
Total 150 Chapters, Selected Chapter 62 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত। } মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। 3 এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা[* তোমালোক সকলোৱে ওলোটাই তাকেই নষ্ট কৰিবা নে? তেওঁ হালি থকা গড় আৰু ভঙা বেৰৰ নিচিনা। ]। 4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। *চেলা 5 হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। 6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। 7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। 8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। *চেলা 9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন। 10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। 11 ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। 12 হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।
Total 150 Chapters, Selected Chapter 62 / 150
×

Alert

×

Assamese Letters Keypad References