1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; [QE][QS]তোমাৰ ক্রোধত মোক শাসন নকৰিবা। [QE]
2. [QS]হে যিহোৱা, মোক কৃপা কৰা, [QE][QS]কিয়নো মই দুর্বল; [QE][QS]হে যিহোৱা মোক সুস্থ কৰা, [QE][QS]কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে। [QE]
3. [QS]মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; [QE][QS]হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব? [QE]
4. [QS]হে যিহোৱা, মোলৈ ঘূৰি চোৱা, [QE][QS]মোৰ প্ৰাণ ৰক্ষা কৰা; [QE][QS]তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা। [QE]
5. [QS]মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; [QE][QS]চিয়োলত[* চিয়োলত মৈদাম ] কোনে তোমাৰ প্ৰশংসা কৰিব? [QE]
6. [QS]মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; [QE][QS]গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; [QE][QS]মোৰ বিচনা তিতি যায়। [QE]
7. [QS]দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; [QE][QS]শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে। [QE]
8. [QS]হে দুষ্ট কার্য কৰা লোকবিলাক, [QE][QS]তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; [QE][QS]কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে। [QE]
9. [QS]যিহোৱাই মোৰ নিবেদন শুনিলে; [QE][QS]তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে। [QE]
10. [QS]মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; [QE][QS]সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব। [QE]