1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা। [QE]
2. [QS]হে মোৰ ৰজা, মোৰ ঈশ্বৰ, [QE][QS]তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা; [QE][QS]কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ। [QE]
3. [QS]হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; [QE][QS]ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন[* বলিদান উৎসর্গ কৰি ] উৎসৰ্গ কৰি বাট চাই থাকো। [QE]
4. [QS]তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; [QE][QS]দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে। [QE]
5. [QS]যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; [QE][QS]সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা। [QE]
6. [QS]যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; [QE][QS]যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে। [QE]
7. [QS]কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি [QE][QS]তোমাৰ গৃহত সোমাম, [QE][QS]মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই [QE][QS]মোৰ মূৰ নত কৰিম। [QE]
8. [QS]হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে [QE][QS]তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; [QE][QS]তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া। [QE]
9. [QS]মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। [QE][QS]সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। [QE][QS]সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, [QE][QS]সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়। [QE]
10. [QS]হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; [QE][QS]সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। [QE][QS]সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; [QE][QS]কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। [QE]
11. [QS]কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক; [QE][QS]তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক, [QE][QS]তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা [QE][QS]যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়। [QE]
12. [QS]কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; [QE][QS]তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা। [QE]