1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত। } [QS]হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, [QE][QS]তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে। [QE]
2. [QS]ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে; [QE][QS]মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম? [QE]
3. [QS]মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, [QE][QS]কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, [QE][QS]“তোমাৰ ঈশ্বৰ ক’ত আছে?” [QE]
4. [QS]কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, [QE][QS]তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ [QE][QS]পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। [QE]
5. [QS]হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? [QE][QS]কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? [QE][QS]ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। [QE][QS]তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ। [QE]
6. [QS]মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; [QE][QS]সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা [QE][QS]তোমাৰ কথা ভাবিছোঁ। [QE]
7. [QS]তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; [QE][QS]তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে। [QE]
8. [QS]যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; [QE][QS]মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা। [QE]
9. [QS]মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? [QE][QS]মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?” [QE]
10. [QS]মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে” [QE][QS]তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে। [QE]
11. [QS]হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? [QE][QS]কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? [QE][QS]ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। [QE][QS]তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ। [QE]