1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত। } [QS]মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; [QE][QS]যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; [QE][QS]যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।” [QE]
2. [QS]মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে। [QE]
3. [QS]মই মোৰ অন্তর্জ্বালাত দহিছো। [QE][QS]মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ, [QE]
4. [QS]“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; [QE][QS]মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; [QE][QS]মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা। [QE]
5. [QS]চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; [QE][QS]তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; [QE][QS]বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা) [QE]
6. [QS]বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; [QE][QS]তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; [QE][QS]তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে। [QE]
7. [QS]“হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে। [QE]
8. [QS]মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; [QE][QS]বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা। [QE]
9. [QS]মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা। [QE]
10. [QS]মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; [QE][QS]তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ। [QE]
11. [QS]তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, [QE][QS]তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। [QE][QS]বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা) [QE]
12. [QS]হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; [QE][QS]মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! [QE][QS]মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ। [QE]
13. [QS]মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।” [QE]