1. {দায়ুদৰ ৰচিত গীত; স্মৰণাৰ্থক উৎসর্গৰ গীত। } [QS]হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা; [QE][QS]তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা। [QE]
2. [QS]কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, [QE][QS]তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে। [QE]
3. [QS]তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; [QE][QS]মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই। [QE]
4. [QS]মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; [QE][QS]সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে। [QE]
5. [QS]মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে। [QE]
6. [QS]মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, [QE][QS]ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ। [QE]
7. [QS]মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, [QE][QS]মোৰ শৰীৰৰ ক’তো সুস্থতা নাই। [QE]
8. [QS]মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; [QE][QS]মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ। [QE]
9. [QS]হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; [QE][QS]মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই। [QE]
10. [QS]মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; [QE][QS]এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে। [QE]
11. [QS]মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, [QE][QS]মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে। [QE]
12. [QS]যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, [QE][QS]যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; [QE][QS]তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে। [QE]
13. [QS]মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; [QE][QS]মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো। [QE]
14. [QS]যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো। [QE]
15. [QS]হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; [QE][QS]হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা। [QE]
16. [QS]মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।” [QE]
17. [QS]মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে। [QE]
18. [QS]মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ। [QE]
19. [QS]যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। [QE][QS]যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক। [QE]
20. [QS]মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী। [QE]
21. [QS]হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা। [QE]
22. [QS]হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ। [QE]