1. {#1প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত } [QS]পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; [QE][QS]দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই। [QE]
2. [QS]তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব। [QE]
3. [QS]তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; [QE][QS]তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে। [QE]
4. [QS]তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; [QE][QS]অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে। [QE]
5. [QS]হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, [QE][QS]আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে। [QE]
6. [QS]তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; [QE][QS]তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। [QE][QS]হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা। [QE]
7. [QS]হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! [QE][QS]সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়। [QE]
8. [QS]তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; [QE][QS]তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া। [QE]
9. [QS]কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; [QE][QS]তোমাৰ দীপ্তিতে আমি পোহৰ দেখো। [QE]
10. [QS]যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, [QE][QS]যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়। [QE]
11. [QS]মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; [QE][QS]দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে। [QE]
12. [QS]যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; [QE][QS]উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল। [QE]