1. [QS]হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, [QE][QS]তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম। [QE]
2. [QS]বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা। [QE]
3. [QS]তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা। [QE]
4. [QS]যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য। [QE]
5. [QS]তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; [QE][QS]সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ। [QE]
6. [QS]যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, [QE][QS]তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল। [QE]
7. [QS]তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; [QE][QS]মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে। [QE]
8. [QS]গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; [QE][QS]জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক। [QE]
9. [QS]কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, [QE][QS]তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল। [QE]
10. [QS]যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, [QE][QS]তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে। [QE]
11. [QS]যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; [QE][QS]তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী। [QE]
12. [QS]ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; [QE][QS]সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে। [QE]
13. [QS]যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; [QE][QS]তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে। [QE]
14. [QS]পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে। [QE]
15. [QS]তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে। [QE]
16. [QS]বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; [QE][QS]মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়। [QE]
17. [QS]জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; [QE][QS]মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে। [QE]
18. [QS]যিসকলে যিহোৱালৈ ভয় ৰাখে, [QE][QS]যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, [QE][QS]যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, [QE]
19. [QS]যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; [QE][QS]আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে; [QE]
20. [QS]আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; [QE][QS]তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল। [QE]
21. [QS]আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ। [QE]
22. [QS]হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, [QE][QS]কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা। [QE]