1. {মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ৰ গান; দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। [QE][QS]মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা। [QE]
2. [QS]হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা। [QE]
3. [QS]হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, [QE][QS]তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা। [QE]
4. [QS]হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। [QE]
5. [QS]কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; [QE][QS]ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, [QE][QS]কিন্তু ৰাতিপুৱাতে আনন্দ আহে। [QE]
6. [QS]সুখৰ দিনত মই কৈছিলোঁ, [QE][QS]“মোক কোনেও লৰাব নোৱাৰিব।” [QE]
7. [QS]হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; [QE][QS]কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ। [QE]
8. [QS]হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, [QE][QS]মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ: [QE]
9. [QS]“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? [QE][QS]ধুলিয়ে জানো তোমাৰ প্ৰশংসা [QE][QS]নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব? [QE]
10. [QS]হে যিহোৱা, শুনা, মোক কৃপা কৰা, [QE][QS]হে যিহোৱা, মোৰ সহায় হোৱা।” [QE]
11. [QS]শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; [QE][QS]শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, [QE]
12. [QS]যাতে মোৰ অন্তৰ নীৰৱে নাথাকে [QE][QS]বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; [QE][QS]হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম। [QE]