1. {#1দায়ুদৰ ৰচিত গীত } [QS]হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, [QE][QS]যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা, [QE]
2. [QS]যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; [QE][QS]পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা। [QE]
3. [QS]জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; [QE][QS]গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, [QE][QS]যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান। [QE]
4. [QS]যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; [QE][QS]যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ। [QE]
5. [QS]যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; [QE][QS]যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়। [QE]
6. [QS]তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; [QE][QS]চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে। [QE]
7. [QS]যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে। [QE]
8. [QS]যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; [QE][QS]কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে। [QE]
9. [QS]যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, [QE][QS]ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, [QE][QS]কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!” [QE]
10. [QS]যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, [QE][QS]যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে। [QE]
11. [QS]যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! [QE][QS]যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক! [QE]