1. {দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, মোৰ বিচাৰ কৰা, [QE][QS]কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, [QE][QS]অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ। [QE]
2. [QS]হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; [QE][QS]মোৰ হৃদয় আৰু মনক খপি চোৱা। [QE]
3. [QS]কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, [QE][QS]মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ। [QE]
4. [QS]প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। [QE][QS]অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই। [QE]
5. [QS]মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; [QE][QS]দুষ্ট লোকৰ লগত নবহো। [QE]
6. [QS]হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, [QE][QS]আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ, [QE]
7. [QS]যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; [QE][QS]তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ। [QE]
8. [QS]হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, [QE][QS]তোমাৰ গৌৰৱ সেই ঠাইত থাকে, [QE][QS]মই তোমাৰ নিবাস গৃহক ভাল পাওঁ। [QE]
9. [QS]পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; [QE][QS]ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা। [QE]
10. [QS]তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; [QE][QS]তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা। [QE]
11. [QS]কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; [QE][QS]মোক মুক্ত কৰা; মোক কৃপা কৰা। [QE]
12. [QS]মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; [QE][QS]মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম। [QE]