1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ - “ৰাতিপুৱাৰ হৰিণী।” দায়ুদৰ ৰচিত গীত। } [QS]হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? [QE][QS]মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা? [QE]
2. [QS]হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, [QE][QS]ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো! [QE]
3. [QS]কিন্তু তুমি হলে পবিত্ৰ, [QE][QS]ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা। [QE]
4. [QS]তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; [QE][QS]তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা। [QE]
5. [QS]তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; [QE][QS]তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল। [QE]
6. [QS]কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; [QE][QS]মানুহে মোক নিন্দা কৰে, [QE][QS]লোক সকলে মোক তুচ্ছ জ্ঞান কৰে। [QE]
7. [QS]যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; [QE][QS]তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়, [QE]
8. [QS]“তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; [QE][QS]যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, [QE][QS]কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!” [QE]
9. [QS]কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; [QE][QS]মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা। [QE]
10. [QS]জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; [QE][QS]মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো। [QE]
11. [QS]তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; [QE][QS]কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; [QE][QS]মোৰ সহায়কাৰী কোনো নাই। [QE]
12. [QS]মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; [QE][QS]বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে। [QE]
13. [QS]ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, [QE][QS]তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে। [QE]
14. [QS]মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, [QE][QS]মোৰ গোটেই হাড়ৰ জোৰা লৰিল; [QE][QS]মোৰ অন্তৰ মমৰ নিচিনা হৈ [QE][QS]মোৰ বুকুতে গলি গলি গৈছে; [QE]
15. [QS]মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে [QE][QS]মোৰ শক্তি[* মোৰ কণ্ঠ শুকাই আহিছে ] শুকাই আহিছে; [QE][QS]মোৰ জিভা তালুত লাগি ধৰিছে; [QE][QS]তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা। [QE]
16. [QS]কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, [QE][QS]দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; [QE][QS]মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে। [QE]
17. [QS]মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; [QE][QS]সেই লোকসকলে মোলৈ একেথৰে চাইছে; [QE][QS]উল্লাসৰ দৃষ্টিৰে চাইছে। [QE]
18. [QS]নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; [QE][QS]মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে। [QE]
19. [QS]কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! [QE][QS]হে মোৰ শক্তি, [QE][QS]মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ। [QE]
20. [QS]তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; [QE][QS]সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা! [QE]
21. [QS]সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! [QE][QS]তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা[† তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা উত্তৰ দিলা ]। [QE]
22. [QS]ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; [QE][QS]সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম। [QE]
23. [QS]তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, [QE][QS]হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; [QE][QS]ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা। [QE]
24. [QS]তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, [QE][QS]ঘৃণাৰ চকুৰে নাচালে; [QE][QS]যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, [QE][QS]বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে। [QE]
25. [QS]মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; [QE][QS]তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম। [QE]
26. [QS]দুখী লোকসকলে খাই তৃপ্ত হব; [QE][QS]যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। [QE][QS]তেওঁলোকৰ[‡ তোমালোকৰ ] হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক! [QE]
27. [QS]পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; [QE][QS]আন জাতিবোৰৰ সকলো ফৈদে তেওঁ[§ তোমাক ]ক প্ৰণিপাত কৰিব। [QE]
28. [QS]কিয়নো ৰাজ্য যিহোৱাৰেই, [QE][QS]সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে। [QE]
29. [QS]পৃথিবীৰ অহংকাৰী[* ধনী ] লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; [QE][QS]নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। [QE][QS]মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম। [QE]
30. [QS]ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; [QE][QS]ভাবীবংশৰ লোকসকলৰ ওচৰত [QE][QS]যিহোৱাৰ বিষয়ে কোৱা হ’ব। [QE]
31. [QS]যিসকলৰ এতিয়াও জন্ম হোৱা নাই, [QE][QS]তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; [QE][QS]ক’ব যে তেৱেঁই এই কার্য কৰিলে। [QE]