1. {#1প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত } [QS]হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে! [QE][QS]তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়! [QE]
2. [QS]তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, [QE][QS]তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা) [QE]
3. [QS]তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, [QE][QS]তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা। [QE]
4. [QS]তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; [QE][QS]তাতে তুমি তেওঁক তাক দিলা; [QE][QS]তুমি তেওঁক অনেক আয়ুস দিলা। [QE]
5. [QS]তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; [QE][QS]তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা; [QE]
6. [QS]তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; [QE][QS]তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা। [QE]
7. [QS]কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; [QE][QS]সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব। [QE]
8. [QS]তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; [QE][QS]তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব। [QE]
9. [QS]তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; [QE][QS]যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; [QE][QS]অগ্নিয়ে তেওঁলোকক দহন কৰিব। [QE]
10. [QS]পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; [QE][QS]মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা। [QE]
11. [QS]যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, [QE][QS]যদি অপকর্মৰ পৰিকল্পনা কৰে, [QE][QS]তেওঁলোক সফল হ’ব নোৱাৰিব। [QE]
12. [QS]কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, [QE][QS]তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা। [QE]
13. [QS]হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! [QE][QS]আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম। [QE]