Assamese Bible Languages

Indian Language Bible Word Collections
1. {মিকটাম নামৰ দায়ুদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, [QE][QS]কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ। [QE]
2. [QS]মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; [QE][QS]তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।” [QE]
3. [QS]পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; [QE][QS]তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়। [QE]
4. [QS]যিসকলে আন দেৱতাক মনোনীত কৰে, [QE][QS]তেওঁলোকৰ অধিক যাতনা হ’ব, [QE][QS]তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; [QE][QS]দেৱতাৰ নামো মোৰ ওঁঠত নলম। [QE]
5. [QS]যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; [QE][QS]মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। [QE]
6. [QS]মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, [QE][QS]অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে। [QE]
7. [QS]যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; [QE][QS]ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে। [QE]
8. [QS]মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; [QE][QS]তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম। [QE]
9. [QS]এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, [QE][QS]মোৰ হৃদয়ে উল্লাস কৰে; [QE][QS]মোৰ শৰীৰ নিৰাপদে থাকিব। [QE]
10. [QS]কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, [QE][QS]তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। [QE]
11. [QS]তুমি মোক জীৱনৰ পথ শিকাইছা; [QE][QS]তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; [QE][QS]তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ। [QE]
Total 150 Chapters, Selected Chapter 16 / 150
1 {মিকটাম নামৰ দায়ুদৰ ৰচিত গীত। } হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ। 2 মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।” 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়। 4 যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম। 5 যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। 6 মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে। 7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে। 8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম। 9 এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে; মোৰ শৰীৰ নিৰাপদে থাকিব। 10 কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। 11 তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।
Total 150 Chapters, Selected Chapter 16 / 150
×

Alert

×

Assamese Letters Keypad References