1. {দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? [QE][QS]তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন? [QE]
2. [QS]সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, [QE][QS]ন্যায় কৰ্ম কৰে, [QE][QS]সত্য ভৰা অন্তৰেৰে কথা কয়; [QE]
3. [QS]যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, [QE][QS]বন্ধুৰ ক্ষতি নকৰে, [QE][QS]চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে, [QE]
4. [QS]যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, [QE][QS]কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, [QE][QS]যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে, [QE]
5. [QS]যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, [QE][QS]আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। [QE][QS]যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব। [QE]