অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; [QE][QS]কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! [QE][QS]কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত। [QE]
2. [QS]যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; [QE][QS]সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে। [QE]
3. [QS]তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, [QE][QS]তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে। [QE]
4. [QS]তেওঁ তৰাবোৰ গণনা কৰে; [QE][QS]তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে। [QE]
5. [QS]আমাৰ প্ৰভু মহান; [QE][QS]তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই। [QE]
6. [QS]যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; [QE][QS]দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। [QE]
7. [QS]তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; [QE][QS]বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা। [QE]
8. [QS]যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, [QE][QS]যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, [QE][QS]যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়, [QE]
9. [QS]পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে [QE][QS]তেওঁ আহাৰ দিয়ে। [QE]
10. [QS]ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, [QE][QS]মানুহৰ[* মানুহৰ যোদ্ধাৰ ] ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়; [QE]
11. [QS]কিন্তু যিসকলে যিহোৱাক ভয় কৰে, [QE][QS]আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, [QE][QS]তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়। [QE]
12. [QS]হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; [QE][QS]হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা। [QE]
13. [QS]কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, [QE][QS]তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে। [QE]
14. [QS]তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; [QE][QS]তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে। [QE]
15. [QS]তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; [QE][QS]তেওঁৰ বাক্য ততালিকে ধাবমান হয়। [QE]
16. [QS]তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, [QE][QS]ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে। [QE]
17. [QS]তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; [QE][QS]তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে? [QE]
18. [QS]তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; [QE][QS]তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়। [QE]
19. [QS]তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; [QE][QS]আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে। [QE]
20. [QS]অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; [QE][QS]তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। [QE][QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 147 / 150
1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত। 2 যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে। 3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে। 4 তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে। 5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই। 6 যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। 7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা। 8 যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়, 9 পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে। 10 ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ* মানুহৰ যোদ্ধাৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়; 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়। 12 হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা। 13 কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে। 14 তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে। 15 তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়। 16 তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে। 17 তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে? 18 তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়। 19 তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে। 20 অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 147 / 150
×

Alert

×

Assamese Letters Keypad References