1. [QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE][QS]হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা। [QE]
2. [QS]মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, [QE][QS]জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। [QE]
3. [QS]তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; [QE][QS]তেওঁলোকে সহায় কৰিব নোৱাৰে। [QE]
4. [QS]তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; [QE][QS]সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়। [QE]
5. [QS]যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; [QE][QS]যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ। [QE]
6. [QS]তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, [QE][QS]তেওঁ অনন্তকালে বিশ্বাসযোগ্য। [QE]
7. [QS]তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, [QE][QS]ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; [QE][QS]যিহোৱাই বন্দীবোৰক মুক্ত কৰে; [QE]
8. [QS]যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, [QE][QS]নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; [QE][QS]যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে; [QE]
9. [QS]যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, [QE][QS]তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, [QE][QS]কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে। [QE]
10. [QS]যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; [QE][QS]হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। [QE][QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE]