1. {#1দায়ুদৰ ৰচিত গীত } [QS]যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; [QE][QS]তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়। [QE]
2. [QS]তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, [QE][QS]মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; [QE][QS]তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। [QE][QS]তেৱেঁই জাতি সমূহক[* তেৱেঁই মোৰ লোকসকলক মোৰ অধীনত আনে। ] মোৰ অধীনত আনে। [QE]
3. [QS]হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? [QE][QS]মনুষ্যই[† তেঁৱেই ] বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া? [QE]
4. [QS]মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা। [QE]
5. [QS]হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; [QE][QS]পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব। [QE]
6. [QS]তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; [QE][QS]তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা। [QE]
7. [QS]তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; [QE][QS]মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; [QE][QS]সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা। [QE]
8. [QS]তেওঁলোকৰ মুখে মিছা কথা কয়, [QE][QS]তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে। [QE]
9. [QS]হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; [QE][QS]দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম। [QE]
10. [QS]তুমিয়েই ৰজাসকলক জয়দান কৰা; [QE][QS]তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা। [QE]
11. [QS]নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা [QE][QS]আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; [QE][QS]তেওঁলোকৰ মুখে মিছা কথা কয়, [QE][QS]তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে। [QE]
12. [QS]আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, [QE][QS]আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়; [QE]
13. [QS]আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; [QE][QS]আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়; [QE]
14. [QS]আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; [QE][QS]দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; [QE][QS]আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়। [QE]
15. [QS]ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; [QE][QS]ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ। [QE]