1. {গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা। } [QS]মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, [QE][QS]মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। [QE]
2. [QS]মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, [QE][QS]তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ। [QE]
3. [QS]মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, [QE][QS]তেতিয়া তুমি মোৰ পথ জানা; [QE][QS]মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে; [QE]
4. [QS]মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, [QE][QS]মোৰ খবৰ লওঁতা কোনো নাই; [QE][QS]মোৰ বাবে আশ্রয় স্থান নাই, [QE][QS]মোৰ বাবে কোনেও চিন্তা নকৰে। [QE]
5. [QS]হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, [QE][QS]“তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” [QE]
6. [QS]তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, [QE][QS]কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; [QE][QS]মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, [QE][QS]কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। [QE]
7. [QS]কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, [QE][QS]যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; [QE][QS]ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; [QE][QS]কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা। [QE]