1. {#1দায়ুদৰ ৰচিত গীত } [QS]হে যিহোৱা, মই তোমাক মাতিছো; [QE][QS]তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। [QE][QS]মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা। [QE]
2. [QS]মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, [QE][QS]মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক। [QE]
3. [QS]হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, [QE][QS]মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা। [QE]
4. [QS]কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, [QE][QS]মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; [QE][QS]তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ। [QE]
5. [QS]ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; [QE][QS]তেওঁ মোক অনুযোগ কৰক, [QE][QS]সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; [QE][QS]মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। [QE][QS]কিন্তু মোৰ প্রার্থনা সকলো সময়তে [QE][QS]দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব। [QE]
6. [QS]তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, [QE][QS]তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ। [QE]
7. [QS]মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, [QE][QS]তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে। [QE]
8. [QS]কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে; [QE][QS]মই তোমাতেই আশ্ৰয় লৈছোঁ, [QE][QS]মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা। [QE]
9. [QS]তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, [QE][QS]তাৰ পৰা মোক ৰক্ষা কৰা, [QE][QS]অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা। [QE]
10. [QS]দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, [QE][QS]আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম। [QE]