1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } [QS]এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” [QE][QS]তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; [QE][QS]তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই; [QE]
2. [QS]যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; [QE][QS]তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; [QE][QS]তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই। [QE]
3. [QS]তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; [QE][QS]সকলো উচ্ছৃঙ্খল হ’ল; [QE][QS]সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। [QE]
4. [QS]যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, [QE][QS]মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু [QE][QS]তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?” [QE]
5. [QS]ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। [QE][QS]সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব। [QE]
6. [QS]দুষ্টতাৰ কার্য কৰা যি তোমালোক, [QE][QS]তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, [QE][QS]কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়। [QE]
7. [QS]অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! [QE][QS]যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, [QE][QS]তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; [QE][QS]ইস্রায়েলীয়াসকল উল্লাসিত হ’ব। [QE]