1. {#1প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত } [QS]হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা [QE][QS]আৰু মোক জানিলা। [QE]
2. [QS]তুমি মোৰ উঠা আৰু বহাকো জানিছা, [QE][QS]দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা। [QE]
3. [QS]তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; [QE][QS]মোৰ সকলো পথ তুমি ভালদৰে জানা। [QE]
4. [QS]কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা। [QE]
5. [QS]আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা [QE][QS]আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা। [QE]
6. [QS]এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; [QE][QS]সেয়ে উচ্চ, মোৰ বোধৰ অগম্য; [QE]
7. [QS]তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ? [QE][QS]তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম? [QE]
8. [QS]যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; [QE][QS]যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা। [QE]
9. [QS]যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ, [QE]
10. [QS]তাতো তোমাৰ হাতে মোক চলাব,; [QE][QS]তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব। [QE]
11. [QS]যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব [QE][QS]আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব; [QE]
12. [QS]বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; [QE][QS]বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; [QE][QS]তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান। [QE]
13. [QS]তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, [QE][QS]তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। [QE]
14. [QS]মই তোমাৰ প্ৰশংসা কৰোঁ; [QE][QS]কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; [QE][QS]তোমাৰ কাৰ্যবোৰ আচৰিত, [QE][QS]তাক মই ভালদৰেই জানো। [QE]
15. [QS]যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, [QE][QS]যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, [QE][QS]তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। [QE]
16. [QS]তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, [QE][QS]তোমাৰ পুস্তকত সকলো লিখা আছিল; [QE][QS]মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল। [QE]
17. [QS]হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন! [QE]
18. [QS]যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, [QE][QS]তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; [QE][QS]মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো। [QE]
19. [QS]হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, [QE][QS]হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা। [QE]
20. [QS]তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, [QE][QS]তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে। [QE]
21. [QS]হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, [QE][QS]মই জানো তেওঁলোকক ঘিণ নকৰোঁ? [QE][QS]যিসকল তোমাৰ বিৰুদ্ধে উঠে, [QE][QS]মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ? [QE]
22. [QS]মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো। [QE]
23. [QS]হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; [QE][QS]মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা; [QE]
24. [QS]মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, [QE][QS]আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা। [QE]