1. [QS]যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, [QE][QS]কাৰণ তেওঁৰ প্রেম চিৰ-কাললৈকে থাকে। [QE]
2. [QS]দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
3. [QS]প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
4. [QS]যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
5. [QS]যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
6. [QS]যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
7. [QS]যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
8. [QS]দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
9. [QS]যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
10. [QS]যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
11. [QS]যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
12. [QS]যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
13. [QS]যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
14. [QS]যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
15. [QS]যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
16. [QS]যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
17. [QS]যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
18. [QS]যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
19. [QS]যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
20. [QS]যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
21. [QS]যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
22. [QS]যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
23. [QS]যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
24. [QS]যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
25. [QS]যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]
26. [QS]স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, [QE][QS]কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী। [QE]