1. [QS]ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, [QE][QS]যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, [QE]
2. [QS]তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, [QE][QS]ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। [QE]
3. [QS]সমুদ্ৰই[* সমুদ্ৰই চূফ সাগৰ ] তাকে দেখি পলায়ন কৰিলে; [QE][QS]যৰ্দ্দন নদী উজাই গ’ল। [QE]
4. [QS]পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, [QE][QS]পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। [QE]
5. [QS]হে সমুদ্ৰ, তোমাৰ কি হ’ল? [QE][QS]কিয় তুমি পলাই গ’লা? [QE][QS]হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? [QE]
6. [QS]হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? [QE][QS]হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? [QE]
7. [QS]হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, [QE][QS]যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। [QE]
8. [QS]তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, [QE][QS]চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে। [QE]