1. {সঙ্গীত। দায়ুদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; [QE][QS]মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম। [QE]
2. [QS]হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম। [QE]
3. [QS]হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। [QE][QS]তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম। [QE]
4. [QS]কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; [QE][QS]তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত। [QE]
5. [QS]হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; [QE][QS]গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক। [QE]
6. [QS]তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, [QE][QS]তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, [QE][QS]আৰু মোক উত্তৰ দিয়া। [QE]
7. [QS]ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, [QE][QS]“মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, [QE][QS]চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম। [QE]
8. [QS]গিলিয়দ মোৰেই, মনচিও মোৰেই; [QE][QS]ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; [QE][QS]যিহূদা মোৰ বিচাৰদণ্ড; [QE]
9. [QS]মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; [QE][QS]ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; [QE][QS]পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।” [QE]
10. [QS]কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? [QE][QS]কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব? [QE]
11. [QS]হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? [QE][QS]আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা। [QE]
12. [QS]শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; [QE][QS]কিয়নো মানুহৰ সাহার্য বৃথা। [QE]
13. [QS]ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; [QE][QS]কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব। [QE]