1. [QS]যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; [QE][QS]জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা। [QE]
2. [QS]তেওঁৰ উদ্দেশ্যে গীত গোৱা, [QE][QS]তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; [QE][QS]তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা। [QE]
3. [QS]তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; [QE][QS]যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক। [QE]
4. [QS]তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; [QE][QS]নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা। [QE]
5. [QS]তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; [QE][QS]তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা। [QE]
6. [QS]তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ,[* ইস্রায়েল জাতি (1 বংশাৱলী 16:13) ] [QE][QS]তেওঁৰ মনোনীত যাকোবৰ সন্তান। [QE]
7. [QS]তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; [QE][QS]তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান। [QE]
8. [QS]তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, [QE][QS]আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে। [QE]
9. [QS]সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল। [QE]
10. [QS]তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, [QE][QS]ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে। [QE]
11. [QS]তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; [QE][QS]সেয়াই হ’ব তোমাৰ আধিপত্য। [QE]
12. [QS]সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, [QE][QS]তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল; [QE]
13. [QS]তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, [QE][QS]এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল, [QE]
14. [QS]তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; [QE][QS]বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল, [QE]
15. [QS]“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; [QE][QS]মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।” [QE]
16. [QS]তেওঁ সেই দেশলৈ[† ইজিপ্ত বা মিচৰলৈ ] দুৰ্ভিক্ষ মাতি আনিলে, [QE][QS]তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে [‡ তেওঁলোকৰ খাদ্যৰ অভাৱ ঘটিল। ]। [QE]
17. [QS]তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; [QE][QS]তেওঁক দাসৰূপে বেচা হ’ল। [QE]
18. [QS]লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; [QE][QS]লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল। [QE]
19. [QS]যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, [QE][QS]তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। [QE]
20. [QS]ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, [QE][QS]লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে। [QE]
21. [QS]তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, [QE][QS]সকলো সম্পত্তিৰ কর্তা কৰিলে। [QE]
22. [QS]যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, [QE][QS]আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে। [QE]
23. [QS]তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, [QE][QS]যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে। [QE]
24. [QS]ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, [QE][QS]শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে। [QE]
25. [QS]তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, [QE][QS]তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; [QE][QS]তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে। [QE]
26. [QS]তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে; [QE]
27. [QS]তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে; [QE]
28. [QS]তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; [QE][QS]তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে। [QE]
29. [QS]তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; [QE][QS]তাতে তেওঁলোকৰ সকলো মাছ মৰিল। [QE]
30. [QS]তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; [QE][QS]এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল। [QE]
31. [QS]তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল। [QE]
32. [QS]তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; [QE][QS]গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে। [QE]
33. [QS]তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, [QE][QS]আৰু দেশৰ গছবোৰ ভাঙি পেলালে। [QE]
34. [QS]তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, [QE][QS]অসংখ্য সৰু ফৰিঙো আহিল। [QE]
35. [QS]সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে। [QE]
36. [QS]তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে। [QE]
37. [QS]পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; [QE][QS]তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। [QE]
38. [QS]তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, [QE][QS]কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। [QE]
39. [QS]তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; [QE][QS]ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। [QE]
40. [QS]তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; [QE][QS]আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। [QE]
41. [QS]তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; [QE][QS]সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল। [QE]
42. [QS]তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; [QE][QS]তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে। [QE]
43. [QS]এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, [QE][QS]তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে। [QE]
44. [QS]তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; [QE][QS]সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে, [QE]
45. [QS]যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। [QE][QS]তোমালোকে যিহোৱাৰ প্রশংসা কৰা। [QE]