Assamese Bible Languages

Indian Language Bible Word Collections
1. [QS]হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। [QE][QS]হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; [QE][QS]তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। [QE]
2. [QS]বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, [QE][QS]আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। [QE]
3. [QS]তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; [QE][QS]মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, [QE][QS]বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। [QE]
4. [QS]তুমি বতাহক তোমাৰ দূত[* নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। ] কৰিছা; [QE][QS]অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা [† বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা। ]। [QE]
5. [QS]তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; [QE][QS]সেয়ে কেতিয়াও লৰচৰ নহ’ব। [QE]
6. [QS]তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। [QE][QS]সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। [QE]
7. [QS]কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; [QE][QS]তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। [QE]
8. [QS]পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; [QE][QS]তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। [QE]
9. [QS]এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, [QE][QS]যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। [QE]
10. [QS]উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; [QE][QS]সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়। [QE]
11. [QS]সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; [QE][QS]বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। [QE]
12. [QS]জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, [QE][QS]গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। [QE]
13. [QS]তেওঁ আকাশৰ পৰা[‡ নিজৰ ওপৰ কোঁঠালিৰ পৰা ] পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; [QE][QS]তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। [QE]
14. [QS]তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, [QE][QS]যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; [QE]
15. [QS]যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, [QE][QS]মুখ উজ্জ্বল কৰা তেল, [QE][QS]আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। [QE]
16. [QS]যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; [QE][QS]তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। [QE]
17. [QS]সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। [QE]
18. [QS]ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; [QE][QS]শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। [QE]
19. [QS]ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; [QE][QS]তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। [QE]
20. [QS]তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; [QE][QS]অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। [QE]
21. [QS]যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; [QE][QS]ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। [QE]
22. [QS]সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে। [QE]
23. [QS]মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; [QE][QS]সন্ধ্যালৈকে পৰিশ্ৰম কৰে। [QE]
24. [QS]হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! [QE][QS]তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; [QE][QS]সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। [QE]
25. [QS]সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; [QE][QS]তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। [QE]
26. [QS]তাৰ মাজত জাহাজবোৰ চলে; [QE][QS]তাত লিবিয়াথনো[§ চাওক গীত 74:14 ] থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। [QE]
27. [QS]সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; [QE][QS]যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। [QE]
28. [QS]তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; [QE][QS]তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। [QE]
29. [QS]তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; [QE][QS]তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে। [QE]
30. [QS]তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, [QE][QS]আৰু তুমি ভূমিতল নতুন কৰি তোলা। [QE]
31. [QS]যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; [QE][QS]যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। [QE]
32. [QS]তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: [QE][QS]তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। [QE]
33. [QS]মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; [QE][QS]মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। [QE]
34. [QS]তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; [QE][QS]মই যিহোৱাত আনন্দ কৰিম। [QE]
35. [QS]পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; [QE][QS]দুষ্টলোক আৰু নাথাকক। [QE][QS]হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। [QE][QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE]
Total 150 Chapters, Selected Chapter 104 / 150
1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। 4 তুমি বতাহক তোমাৰ দূত[* নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। ] কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা [† বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা। ]। 5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব। 6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। 7 কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। 8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। 9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। 10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়। 11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়। 12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়। 13 তেওঁ আকাশৰ পৰা নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়। 14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; 15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। 16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়। 17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে। 18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান। 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। 20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে। 21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে। 22 সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে। 23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে। 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ। 25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে। 26 তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো§ চাওক গীত 74:14 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। 27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। 28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়। 29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে। 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা। 31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক। 32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়। 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম। 35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Total 150 Chapters, Selected Chapter 104 / 150
×

Alert

×

Assamese Letters Keypad References