1. {দায়ুদৰ ৰচিত গীত। } [QS]হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; [QE][QS]হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। [QE]
2. [QS]হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, [QE][QS]তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। [QE]
3. [QS]যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, [QE][QS]তোমাৰ সকলো ৰোগ সুস্থ কৰে, [QE]
4. [QS]যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, [QE][QS]যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত[* আশীর্বাদ কৰে ] কৰে, [QE]
5. [QS]যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, [QE][QS]তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব। [QE]
6. [QS]যিহোৱাই উচিত কাৰ্য কৰে; [QE][QS]উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে। [QE]
7. [QS]তেওঁ মোচিক নিজৰ পথবোৰ, [QE][QS]আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে [QE]
8. [QS]যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান। [QE]
9. [QS]তেওঁ সদায় ধমকি দি নাথাকিব, [QE][QS]চিৰকাললৈকে ক্ৰোধো নাৰাখিব। [QE]
10. [QS]তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, [QE][QS]আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। [QE]
11. [QS]কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, [QE][QS]তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ। [QE]
12. [QS]পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, [QE][QS]তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। [QE]
13. [QS]বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে; [QE]
14. [QS]কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। [QE]
15. [QS]মানুহৰ আয়ুস তৃণৰ নিচিনা; [QE][QS]যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়। [QE]
16. [QS]ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; [QE][QS]সেই স্থানেও তাক চিনি নাপায়। [QE]
17. [QS]কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, [QE][QS]আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে। [QE]
18. [QS]তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে। [QE]
19. [QS]যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; [QE][QS]তেওঁৰ শাসন সকলোৰে ওপৰত আছে। [QE]
20. [QS]হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; [QE][QS]যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, [QE][QS]তোমালোকে তেওঁৰ ধন্যবাদ কৰা; [QE]
21. [QS]হে যিহোৱাৰ বাহিনী সমূহ, [QE][QS]যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, [QE][QS]তেওঁৰ ধন্যবাদ কৰা। [QE]
22. [QS]হে যিহোৱাৰ সকলো নির্মিত বস্তু, [QE][QS]তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা; [QE][QS]হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। [QE]