1. [QS]যন্ত্রণাত থকা জনীৰ পৰা আন্ধাৰ দূৰ হ’ব, [QE][QS]তেওঁ প্রথম অৱস্থাত জবূলূন আৰু নপ্তালী দেশক অপদস্থ কৰিছিল, [QE][QS]কিন্তু পৰবর্তী সময়ত সমুদ্ৰলৈ যোৱা পথ, যৰ্দ্দনৰ সিপাৰে, গালীল দেশৰ লোকসকলক গৌৰৱাম্বিত কৰিব। [QE]
2. [QS]আন্ধাৰত ফুৰা সকলে মহাজ্যোতি দেখিলে; [QE][QS]মৃত্যু ছাঁয়াৰ দেশত বাস কৰা সকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ’ল। [QE]
3. [QS]তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; [QE][QS]শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, [QE][QS]আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে। [QE]
4. [QS]কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, [QE][QS]তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা। [QE]
5. [QS]কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ, [QE][QS]আৰু তেজেৰে লেটিপেটি হোৱা পোচাক, [QE][QS]জুইৰ বাবে ইন্ধনৰ দৰে পোৰা যাব। [QE]
6. [QS]কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; [QE][QS]আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, [QE][QS]আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব। [QE]
7. [QS]দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে [QE][QS]তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, [QE][QS]এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত [QE][QS]তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। [QE][QS]বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব। [QE]
8. [QS]প্ৰভুৱে যাকোবৰ বিৰুদ্ধে এটি বাক্য পঠালে; সেয়ে ইস্ৰায়েলৰ ওপৰত পৰিল, [QE]
9. [QS]গর্ব্ব আৰু অহংকাৰী হৃদয়েৰে কথা কোৱা জনক সকলো লোকে জানে, এনেকি ইফ্ৰয়িম আৰু চমৰিয়াৰ লোকসকলেও জানে; [QE]
10. [QS]“ইটাবোৰ খহি পৰিল, কিন্তু আমি কটা শিলেৰে পুনৰ নির্মাণ কৰিম; ডিমৰু গছবোৰ কটা হ’ল, কিন্তু আমি তাৰ সলনি এৰচ কাঠ লগাম।” [QE]
11. [QS]এই হেতুকে যিহোৱাই তেওঁৰ বিৰুদ্ধে ৰচীন, আৰু তেওঁৰ বিৰোধী সকলক উন্নত কৰিব, আৰু তেওঁৰ শত্রুবোৰক উত্তেজিত কৰিব। [QE]
12. [QS]পূব দিশত অৰাম, আৰু পশ্চিম দিশত পলেষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। [QE][QS]কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; [QE][QS]কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব। [QE]
13. [QS]তথাপিও যিহোৱাই যিসকল লোকক প্ৰহাৰ কৰিব সেই লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব। [QE]
14. [QS]এই হেতুকে যিহোৱাই একে দিনাই ইস্ৰায়েলৰ আৰম্ভণীৰ পৰা শেষলৈকে, খাজুৰ পাত আৰু খাগৰি কাটি পেলাব। [QE]
15. [QS]মুখ্য আৰু সম্ভ্রান্ত লোকসকল নেতৃত্বত থাকিব; আৰু মিছা শিক্ষা দিওঁতা ভাববাদীসকল শেষত থাকিব। [QE]
16. [QS]নেতৃত দিয়া লোকসকলে তেওঁলোকক বিপথে নিয়ে, আৰু তেওঁলোকৰ দ্বাৰাই চালিত হোৱা লোকসকল বিনষ্ট হ’ব। [QE]
17. [QS]প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; [QE][QS]কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্মি আৰু কুকৰ্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। [QE][QS]এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত দণ্ড দিবলৈ উদ্যত হৈ থাকিব। [QE]
18. [QS]দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; [QE][QS]এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব। [QE]
19. [QS]বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; [QE][QS]কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব। [QE]
20. [QS]তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; [QE][QS]তেওঁলোক প্ৰতিজনে নিজৰ বাহু[* সন্তানসকলৰ মাংস ]ৰ মাংস খাব। [QE]
21. [QS]মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। [QE][QS]এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু দণ্ড দিবৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব। [QE]