1. {পৰাজিত আৰু নপুংসকলৈ কৰা প্ৰতিজ্ঞা। } [QS]যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; [QE][QS]কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব। [QE]
2. [QS]যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। [QE][QS]তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।” [QE]
3. [QS]“যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” [QE][QS]এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। [QE][QS]“চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে। [QE]
4. [QS]কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, [QE][QS]আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- [QE]
5. [QS]তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; [QE][QS]কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।” [QE]
6. [QS]যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, [QE][QS]তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, [QE][QS]আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- [QE]
7. [QS]সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; [QE][QS]তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, [QE][QS]কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব। [QE]
8. [QS]যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: [QE][QS]তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম। [QE]
9. [QS]পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ! [QE]
10. [QS]তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; [QE][QS]তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: [QE][QS]তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়। [QE]
11. [QS]সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; [QE][QS]তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, [QE][QS]তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী। [QE]
12. [QS]তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; [QE][QS]অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।” [QE]