1. {যিহোৱাৰ দাস আৰু তেওঁ কৃতকাৰ্য্য হোৱা বিষয়। } [QS]হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। [QE][QS]যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে। [QE]
2. [QS]তেওঁ মোৰ মুখ চোকা তৰোৱালৰ দৰে কৰিলে, তেওঁ নিজৰ হাতৰ ছাঁত মোক লুকুৱাই থলে; [QE][QS]তেওঁ মোক শানত দিয়া কাঁড় কৰিলে, তেওঁ নিজৰ তূণৰ ভিতৰত মোক লুকুৱাই ৰাখিলে। [QE]
3. [QS]তেওঁ মোক ক’লে, “ইস্রায়েল তুমি মোৰ দাস, যাৰ যোগেদি মই মোৰ গৌৰৱ দেখিবলৈ পাম।” [QE]
4. [QS]যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; [QE][QS]তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে। [QE]
5. [QS]আৰু এতিয়া যিহোৱাই কৈছে,মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, [QE][QS]তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, [QE][QS]মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ। [QE]
6. [QS]তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, [QE][QS]আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। [QE][QS]সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্ৰাণৰ উপায় হ’বা [QE]
7. [QS]ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, [QE][QS]যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: [QE][QS]কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। [QE][QS]তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব। [QE]
8. [QS]যিহোৱাই এই কথা কৈছে, [QE][QS]একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; [QE][QS]উত্তৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, [QE][QS]মই তোমাক সুৰক্ষা দিম,আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম। [QE]
9. [QS]অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ [QE][QS]তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব। [QE]
10. [QS]তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; [QE][QS]কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব। [QE]
11. [QS]আৰু মই মোৰ পৰ্ব্বতবোৰ বাটলৈ পৰিনত কৰিম আৰু মোৰ ৰাজবাটবোৰ সমান কৰিম।” [QE]
12. [QS]চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম[* আন নাম হ’ল, আচৱান ] দেশৰ পৰা আহিব। [QE]
13. [QS]হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! [QE][QS]কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব। [QE]
14. [QS]কিন্তু চিয়োনে ক’লে, “যিহোৱাই মোক ত্যাগ কৰিলে আৰু প্ৰভুৱে মোক পাহৰিলে।” [QE]
15. [QS]মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? [QE][QS]হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো। [QE]
16. [QS]চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব। [QE]
17. [QS]তোমাৰ সন্তান সকল যেতিয়া বেগাবেগি ঘুৰি আহিব; তেতিয়া তোমাক ধ্বংস কৰাসকল আঁতৰি যাব। [QE]
18. [QS]চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। [QE][QS]“নিশ্চিতভাবে যি দৰে মই জীয়াই আছোঁ” এয়া যিহোৱাৰ ঘোষনা- “তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা। [QE]
19. [QS]ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্চন্ন হৈছিলা, [QE][QS]এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
20. তোমালোকৰ সন্তাপৰ সময়ত জন্ম হোৱা সন্তান সকলে তোমালোকে শুনাকৈ ক’ব, [QE][QS]‘এই ঠাই আমাৰ কাৰণে অতি ঠেক, আমাৰ বাবে ঠাই যুগুত কৰা; আমি যেন ইয়াত বাস কৰিব পাৰোঁ।’ [QE]
21. [QS]তেতিয়া তোমালোকে নিজকে কবা, “কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” [QE][QS]মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলোঁ। এই সন্তান সকলক কোনে প্রতিপালন কৰিলে? [QE][QS]চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’ ” [QE]
22. [QS]প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। [QE][QS]তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব। [QE]
23. [QS]ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; [QE][QS]তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; [QE][QS]আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।” [QE]
24. [QS]যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ? [QE]
25. [QS]কিন্তু যিহোৱাই এই কথা কৈছে: [QE][QS]হ’য় যোদ্ধাৰোসকলৰ পৰা বন্দীসকলক উলিয়াই অনা হ’ব, আৰু লুন্ঠন কৰি অনা বস্তু উদ্ধাৰকৰা হ’ব; [QE][QS]কাৰণ মই তোমালোকৰ প্রতিদ্বন্দীক বাধা দিম আৰু তোমালোকৰ সন্তান সকলক ৰক্ষা কৰিম। [QE]
26. [QS]আৰু তোমালোকক উপদ্ৰৱ কৰোঁতা সকলক মই তেওঁলোকৰ নিজৰেই মঙহ খুৱাম; আৰু তেওঁলোকে দ্ৰাক্ষাৰস বুলি নিজৰ তেজকেই নিজে পান কৰি মতলীয়া হ’ব; [QE][QS]সেয়ে, ময়েই যে যিহোৱা, তোমালোকৰ ত্ৰাণকৰ্ত্তা আৰু মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, সেই কথা সকলো মানৱজাতিয়ে জানিব। [QE]