1. {যিহোৱাৰ দাস। যিহোৱাৰ মুক্তিৰ কাৰ্য। ইস্ৰায়েলৰ বৰ্ত্তমান দুৰৱস্থা। } [QS]সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; [QE][QS]মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব। [QE]
2. [QS]তেওঁ নাকান্দিব অথবা নিচিঞঁৰিব, আৰু নিজৰ মাত পথত শুনাকৈ নক’ব। [QE]
3. [QS]তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব; [QE][QS]কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব। [QE]
4. [QS]তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে [QE][QS]দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; [QE][QS]আৰু দ্বীপ[* প্ৰাচীন কালৰ লোকসকলে দূৰৈত থকা দেশবোৰক দ্বীপ বুলি কৈছিল। ]বোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব। [QE]
5. [QS]যিজনাই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেইজনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; [QE][QS]যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, [QE][QS]সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই, [QE]
6. [QS]মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম, [QE][QS]মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম। [QE]
7. [QS]অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, [QE][QS]আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ। [QE]
8. [QS]মই যিহোৱা, এয়ে মোৰ নাম; [QE][QS]আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ। [QE]
9. [QS]চোৱা, আগৰ কথা ফলিয়ালে [QE][QS]এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; [QE][QS]সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।” [QE]
10. [QS]হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল [QE][QS]তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা। [QE]
11. [QS]মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; [QE][QS]চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক। [QE]
12. [QS]তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক। [QE]
13. [QS]যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, [QE][QS]এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব। [QE]
14. [QS]মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম, [QE][QS]কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম। [QE]
15. [QS]মই পৰ্ব্বত আৰু পাহাৰবোৰ ধ্বংস কৰিম, আৰু সেই বোৰৰ ওপৰত থকা সকলো গছ গছনি শুকুৱাম; [QE][QS]আৰু মই নৈ বোৰ দ্বীপত পৰিনত কৰিম, আৰু জলাশয়বোৰ শুকুৱাম। [QE]
16. [QS]মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; [QE][QS]মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। [QE][QS]এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম। [QE]
17. [QS]যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে, আৰু যিসকলে সাঁচত ঢলা মুৰ্ত্তিবোৰক কয়, “তোমালোক আমাৰ ঈশ্বৰ,” [QE][QS]সেই আটাইলোক সকলে বিমুখ হৈ সম্পূৰ্ণকৈ লাজ্জিত হ’ব। [QE]
18. [QS]হে কলাসকল শুনা; হে অন্ধসকল চকু মেলা তাতে দেখা পাবা। [QE]
19. [QS]কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? [QE][QS]মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন? [QE]
20. [QS]তুমি অনেক বিষয় দেখিছা, কিন্তু হৃদয়ঙ্গম নকৰা; কাণ মুকলি আছে, কিন্তু তেওঁ নুশুনে। [QE]
21. [QS]যিহোৱাই নিজৰ ধাৰ্মিকতালৈ চাই, ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ’ল। [QE]
22. [QS]কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক, [QE][QS]তেওঁলোক সকলোৱেই গাতত ধৰা পৰিল, আৰু বন্দীশালত বন্দী কৰা হ’ল; [QE][QS]তেওঁলোকক লুট কৰা হ’ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে; আৰু কোনেও নকয় “ওভোটাই দিয়া” বুলি। [QE]
23. [QS]তোমাৰ মাজত কোনে এই কথা শুনিব? আৰু কোনে শুনি ভবিষ্যত কালৰ বাবে শুনিব? [QE]
24. [QS]কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? [QE][QS]যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, [QE][QS]আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে? [QE]
25. [QS]সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে; [QE][QS]তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে। [QE]