1. {ইস্ৰায়েলৰ পুনঃস্থাপন। } [PS]মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, [PE][QS]মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব। [QE]
2. [QS]প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; [QE][QS]লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; [QE][QS]তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব। [QE]
3. [QS]তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা। [QE]
4. [QS]ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! [QE][QS]চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, [QE][QS]প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।” [QE]
5. [QS]তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব, [QE]
6. [QS]সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, [QE][QS]কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব। [QE]
7. [QS]জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; [QE][QS]শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব। [QE]
8. [QS]তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। [QE][QS]সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, [QE][QS]কোনো মূর্খব্যক্তি সেই পথত নাযাব। [QE]
9. [QS]সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, [QE][QS]কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব। [QE]
10. [QS]যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, [QE][QS]আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; [QE][QS]উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব। [QE]