অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {দায়ুদৰ ৰচিত গীত। } [QS]যিহোৱাই মোৰ প্ৰভুক ক’লে, [QE][QS]“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, [QE][QS]তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।” [QE]
2. [QS]যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, [QE][QS]তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।” [QE]
3. [QS]যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, [QE][QS]পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; [QE][QS]ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব। [QE]
4. [QS]“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” [QE][QS]যিহোৱাই এই শপত খালে; [QE][QS]তেওঁ নিজৰ মন সলনি নকৰিব।[* চাওক ইব্ৰী 5:6, 6:20, 7:17,21 ] [QE]
5. [QS]যিহোৱা তোমাৰ সোঁহাতে আছে; [QE][QS]ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব। [QE]
6. [QS]তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, [QE][QS]তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; [QE][QS]তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব। [QE]
7. [QS]তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; [QE][QS]তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 110 / 150
1 {দায়ুদৰ ৰচিত গীত। } যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।” 2 যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।” 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব। 4 “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।* চাওক ইব্ৰী 5:6, 6:20, 7:17,21 5 যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব। 6 তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব। 7 তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 110 / 150
×

Alert

×

Assamese Letters Keypad References