1. {ইয়োবৰ উত্তৰ। }
2. [PS]তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, [PE][QS]“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! [QE][QS]আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা! [QE]
3. [QS]আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! [QE][QS]আৰু মূল কথা বৰ ভালকৈ বুজালা! [QE]
4. [QS]তুমি নো কাৰ আগত কথা কলা? [QE][QS]কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?” [QE]
5. [QS]বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, [QE][QS]যিসকলে জল সমূহৰ তলত নিবাস কৰে --- [QE]
6. [QS]তেওঁৰ আগত চিয়োল অনাবৃত, [QE][QS]আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। [QE]
7. [QS]তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, [QE][QS]আৰু পৃথিবীক শূন্যত ওলোমাই থয়। [QE]
8. [QS]তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; [QE][QS]তথাপি জলৰ ভৰত মেঘ নাফাটে। [QE]
9. [QS]তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, [QE][QS]আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে। [QE]
10. [QS]যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, [QE][QS]সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে, [QE]
11. [QS]তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, [QE][QS]আৰু বিচুৰ্ত্তি হয়, [QE]
12. [QS]তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, [QE][QS]আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে। [QE]
13. [QS]তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; [QE][QS]আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে। [QE]
14. [QS]চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, [QE][QS]আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! [QE][QS]কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে? [QE]