অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত। } [QS]হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; [QE][QS]আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; [QE][QS]লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে। [QE]
2. [QS]যেতিয়া নিৰুপিত সময় উপস্থিত হব; [QE][QS]তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম। [QE]
3. [QS]যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; [QE][QS]তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা] [QE]
4. [QS]মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” [QE][QS]দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; [QE][QS]দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক। [QE]
5. [QS]তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; [QE][QS]তোমালোকে গর্ব কৰি কথা নকবা।” [QE]
6. [QS]কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়। [QE]
7. [QS]কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; [QE][QS]কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে। [QE]
8. [QS]কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, [QE][QS]তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; [QE][QS]আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; [QE][QS]পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব। [QE]
9. [QS]কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; [QE][QS]মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম। [QE]
10. [QS]তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং[* শক্তি ] কাটি পেলাম; [QE][QS]কিন্তু ধাৰ্মিক লোকসকলৰ শিং [† শক্তি ] উচ্চ কৰিম।” [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 75 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত। } হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে। 2 যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম। 3 যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। *চেলা 4 মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক। 5 তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।” 6 কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়। 7 কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে। 8 কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব। 9 কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম। 10 তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং* শক্তি কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং শক্তি উচ্চ কৰিম।”
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 75 / 150
×

Alert

×

Assamese Letters Keypad References