1. {#1আচফৰ ৰচিত গীত: } [QS]অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; [QE][QS]তেওঁ শুদ্ধ চিত্তৰ লোকসকললৈ শুভ কৰোঁতা। [QE]
2. [QS]কিন্তু মোৰ ভৰি হ’লে প্ৰায় পিছল খাইছিল; [QE][QS]মোৰ খোজ প্ৰায় পিছলি গৈছিল। [QE]
3. [QS]তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; [QE][QS]মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ। [QE]
4. [QS]কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; [QE][QS]কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে। [QE]
5. [QS]তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; [QE][QS]অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে। [QE]
6. [QS]এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ; [QE][QS]অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে। [QE]
7. [QS]তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; [QE][QS]তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে। [QE]
8. [QS]তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; [QE][QS]তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে। [QE]
9. [QS]তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; [QE][QS]তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে। [QE]
10. [QS]এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়; [QE][QS]গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে। [QE]
11. [QS]তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? [QE][QS]কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?” [QE]
12. [QS]চোৱা, তেওঁলোক দুষ্ট; [QE][QS]তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে। [QE]
13. [QS]“মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ; [QE][QS]ই তেন্তে কি অৰ্থহীন নেকি? [QE]
14. [QS]মই ওৰে দিনটো আঘাতিত হলোঁ; [QE][QS]প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।” [QE]
15. [QS]যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, [QE][QS]তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন। [QE]
16. [QS]এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ; [QE][QS]কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল। [QE]
17. [QS]যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো, [QE][QS]তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ। [QE]
18. [QS]সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; [QE][QS]তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা। [QE]
19. [QS]তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়, [QE][QS]নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব। [QE]
20. [QS]তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ; [QE][QS]হে ঈশ্ৱৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছ জ্ঞান কৰিবা। [QE]
21. [QS]যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; [QE][QS]আৰু মোৰ অন্তৰত আঘাত লাগিছিল, [QE]
22. [QS]তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ; [QE][QS]তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ। [QE]
23. [QS]তথাপি মই সদায় তোমাৰ লগতে আছোঁ; [QE][QS]তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা। [QE]
24. [QS]তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, [QE][QS]পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা। [QE]
25. [QS]তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? [QE][QS]তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই। [QE]
26. [QS]মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; [QE][QS]কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি[* শিলা ]। [QE]
27. [QS]কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সর্বনাশ হ’ব; [QE][QS]তোমাক এৰি অবিশ্বাসী হোৱা সকলোকে তুমি ধ্বংস কৰিবা। [QE]
28. [QS]কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; [QE][QS]মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; [QE][QS]মই তোমাৰ সকলো কার্য ঘোষণা কৰিম। [QE]