1. {বেশ্যাৰ পৰা আঁতৰি থকা ভাল। } [QS]হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, [QE][QS]আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা। [QE]
2. [QS]মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; [QE][QS]তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা। [QE]
3. [QS]সেইবোৰ তোমাৰ আঙুলিত বান্ধা, [QE][QS]আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা। [QE]
4. [QS]প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” [QE][QS]আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়। [QE]
5. [QS]প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা। [QE]
6. [QS]মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, [QE][QS]মই জালিৰে বাহিৰলৈ চাইছিলোঁ। [QE]
7. [QS]আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, [QE][QS]যুৱক সকলৰ মাজত [QE][QS]মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। [QE]
8. [QS]সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, [QE][QS]আৰু তেওঁৰ ঘৰলৈ গ’ল- [QE]
9. [QS]সেই দিনা সন্ধিয়া চকামকা সময় আছিল, [QE][QS]ৰাতি আৰু আন্ধাৰৰ সেই সময়ত। [QE]
10. [QS]আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, [QE][QS]বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল। [QE]
11. [QS]তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, [QE][QS]তাইৰ ভৰি ঘৰত নাথাকে। [QE]
12. [QS]তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, [QE][QS]তাই প্রতিটো চকতে বাট চাই থাকে। [QE]
13. [QS]সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; [QE][QS]তাই দুঃসাহসেৰে তেওঁক ক’লে, [QE]
14. [QS]“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, [QE][QS]মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ; [QE]
15. [QS]সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, [QE][QS]মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ। [QE]
16. [QS]মই মোৰ বিচনা মিচৰৰ পৰা অনা [QE][QS]ৰঙীণ কাপোৰেৰে ঢাকিলোঁ। [QE]
17. [QS]মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে [QE][QS]মোৰ বিচনা সুগন্ধি কৰিলোঁ। [QE]
18. [QS]আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। [QE][QS]আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ। [QE]
19. [QS]মোৰ স্বামী ঘৰত নাই, [QE][QS]তেওঁ দূৰ যাত্রাত গৈছে। [QE]
20. [QS]তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, [QE][QS]তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।” [QE]
21. [QS]তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; [QE][QS]আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে। [QE]
22. [QS]তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে [QE][QS]বা ফান্দত ধৰা পৰা হৰিণৰ দৰে [QE][QS]তাইৰ পাছে পাছে গ’ল। [QE]
23. [QS]যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে [QE][QS]বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, [QE][QS]ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল। [QE]
24. [QS]আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, [QE][QS]মই কোৱা কথালৈ মনোযোগ দিয়া। [QE]
25. [QS]তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, [QE][QS]আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা। [QE]
26. [QS]তাই অনেকক আনি নষ্ট কৰিছে, [QE][QS]তেওঁলোকক গণনা কৰিব নোৱাৰি। [QE]
27. [QS]তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, [QE][QS]আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ। [QE]