1. [QS]চিয়োনৰ বাবে মই নিজম দি নাথাকোঁ, আৰু যিৰূচালেমৰ বাবে মই নিৰৱে নাথাকোঁ, [QE][QS]যেতিয়ালৈকে তেওঁৰ ধাৰ্মিকতা উজ্বলতাৰে আগুৱাই নাযায়, আৰু তেওঁৰ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়। [QE]
2. [QS]দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা, আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব; [QE][QS]আৰু যিহোৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ’ব। [QE]
3. [QS]তোমালোক যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হ’বা। [QE]
4. [QS]তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; [QE][QS]তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত[* হিব্রু নাম “হেফচিবাহ” ]” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা [† হিব্রু নাম “বেউলাহ” ]” বুলি প্ৰখ্যাত হ’ব; [QE][QS]কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব। [QE]
5. [QS]কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰ[‡ যিয়ে তোমাক নির্মান কৰিলে ]সকলে তোমাক বিবাহ কৰিব; [QE][QS]আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব। [QE]
6. [QS]হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; [QE][QS]তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। [QE][QS]হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা; [QE]
7. [QS]তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, [QE][QS]যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক। [QE]
8. [QS]যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, [QE][QS]“তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, [QE][QS]আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব; [QE]
9. [QS]কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, [QE][QS]আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।” [QE]
10. [QS]আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! [QE][QS]নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, [QE][QS]দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা। [QE]
11. [QS]চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, [QE][QS]“তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; [QE][QS]চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।” [QE]
12. [QS]তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা[§ বা অতি প্রেমময় ]” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা। [QE]