অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {বাবিলৰ পৰা হিষ্কিয়াৰ ওচৰলৈ দূত অহা। } [PS]সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
2. হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল। [PE]
3. [PS]তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।”
4. যিচয়াই সুধিলে, “আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে; মোৰ বহুমূল্য বস্তুৰ মাজৰ, মই তেওঁলোকক নেদেখুউৱা কোনো বস্তুৱেই নাই।” [PE]
5. [PS]তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, বাহিনীসকলৰ যিহোৱাৰ বাক্য শুনা:
6. চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে। [PE]
7. [PS]আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”
8. তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব। [PE]

ৰেকৰ্ডসমূহ

মুঠ 66 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 39 / 66
1 {বাবিলৰ পৰা হিষ্কিয়াৰ ওচৰলৈ দূত অহা। } সেই সময়ত বলদানৰ পুত্ৰ মৰোদক বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
2 হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল।
3 তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।” 4 যিচয়াই সুধিলে, “আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে; মোৰ বহুমূল্য বস্তুৰ মাজৰ, মই তেওঁলোকক নেদেখুউৱা কোনো বস্তুৱেই নাই।” 5 তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, বাহিনীসকলৰ যিহোৱাৰ বাক্য শুনা: 6 চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে। 7 আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।” 8 তেতিয়া হিষ্কিয়াই যিচয়াক ক’লে, “তুমি যিহোৱাৰ যি বাক্য ক’লা, সেয়ে উত্তম।” কাৰণ তেওঁ ভাবিলে যে, “মোৰ দিনত সেই ঠাইত শান্তি আৰু স্থিৰতা হ’ব।
মুঠ 66 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 39 / 66
×

Alert

×

Assamese Letters Keypad References