Assamese Bible Languages

Indian Language Bible Word Collections
1. [PS]কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
2. মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে। [PE]
3. [PS]এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
4. নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
5. সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷ [PE]
6. [PS]কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।[* হিতো 11:24, 25; 19:17; গাল 6:7, 9৷ ]
7. প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। [† যা 35:5; 1 ব 29:5, 9, 14৷ ] [PE]
8. [PS]ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
9. এই বিষয়ে যি দৰে লিখাও আছে, [‡ গীত 112:9৷ ] [PE][QS]“তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; [QE][QS]তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” [QE]
10. [PS]যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
11. এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব। [PE]
12. [PS]কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
13. আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
14. তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
15. ঈশ্বৰৰ বৰ্ণনাতীত দানৰ[§ যো 3:16৷ ] কাৰণে তেওঁৰ ধন্যবাদ হওক। [PE]
Total 13 Chapters, Selected Chapter 9 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
1 কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷ 2 মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে। 3 এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷ 4 নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷ 5 সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷ 6 কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।* হিতো 11:24, 25; 19:17; গাল 6:7, 9৷ 7 প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। যা 35:5; 1 ব 29:5, 9, 14৷ 8 ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷ 9 এই বিষয়ে যি দৰে লিখাও আছে, গীত 112:9৷ “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” 10 যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব; 11 এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব। 12 কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷ 13 আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷ 14 তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷ 15 ঈশ্বৰৰ বৰ্ণনাতীত দানৰ§ যো 3:16৷ কাৰণে তেওঁৰ ধন্যবাদ হওক।
Total 13 Chapters, Selected Chapter 9 / 13
1 2 3 4 5 6 7 8 9 10 11 12 13
×

Alert

×

Assamese Letters Keypad References