1. [PS]মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। [PE][PS]*প্রিয়ৰ কথা: *[PE]
2. [PS]কাঁইটবোৰৰ মাজত লিলি[* লিলি কনাৰি ] ফুল এটি যেনে [PE][QS]ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে। [QE][PS]*প্রিয়াৰ কথা: *[PE]
3. [PS]বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, [QE][QS]যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। [QE][QS]মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, [QE][QS]মোৰ মুখত তাৰ ফল মিঠা লাগে। [QE]
4. [QS]তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, [QE][QS]আৰু প্রেমেই হ’ল মোৰ [QE][QS]ওপৰত তেওঁৰ নিচান। [QE]
5. [QS]কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, [QE][QS]আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; [QE][QS]কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ। [QE]
6. [QS]মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, [QE][QS]আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে। [QE]
7. [QS]হে যিৰূচালেমৰ যুৱতীসকল, [QE][QS]কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, [QE][QS]আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে [QE][QS]তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। [QE]
8. {#1কইনাই নিজৰ প্রিয়তমৰ প্রশংসা কৰা } [PS]সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! [QE][QS]সেয়া চোৱা, তেওঁ আহিছে, [QE][QS]তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি [QE][QS]ডেও দি জপিয়াই আহিছে। [QE]
9. [QS]মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; [QE][QS]সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, [QE][QS]তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, [QE][QS]চিলিঙৰ মাজেদি উকি মাৰিছে, [QE]
10. [QS]মোৰ প্ৰিয়ই মোক ক’লে, [QE][QS]“হে মোৰ প্ৰিয়া, উঠা; [QE][QS]হে মোৰ সুন্দৰী, আহাঁ। [QE]
11. [QS]চোৱা, শীতকাল গ’ল, [QE][QS]বর্ষাও শেষ হৈ গুছি গ’ল। [QE]
12. [QS]ভূমিত ফুলবোৰ ফুলি উঠিছে; [QE][QS]পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; [QE][QS]আমাৰ দেশত কপৌৰ মাত শুনা গৈছে। [QE]
13. [QS]ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, [QE][QS]দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। [QE][QS]হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ। [QE]
14. [QS]হে মোৰ কপৌ, তুমি শিলৰ ফাটত, [QE][QS]পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। [QE][QS]মোক তোমাৰ মুখ চাবলৈ দিয়া; [QE][QS]তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; [QE][QS]কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।” [QE]
15. [PS]*ৰমণীসকলৰ প্রতি উক্তি: *[PE][QS]তোমালোকে সেই শিয়ালবোৰক, [QE][QS]সৰু সৰু শিয়ালবোৰক ধৰা, [QE][QS]কাৰণ সিহঁতে আমাৰ [QE][QS]দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। [QE][QS]আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে। [QE]
16. [PS]*প্রিয়াৰ কথা: *[PE][QS]মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; [QE][QS]তেওঁ লিলি ফুলৰ মাজত চৰে। [QE]
17. [QS]হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, [QE][QS]অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু [QE][QS]পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে [QE][QS]তুমি গুছি যোৱা। [QE][QS]তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা। [QE]