1. [QS]যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, [QE][QS]কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। [QE]
2. [QS]ইস্ৰায়েলে কওঁক, [QE][QS]“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [QE]
3. [QS]হাৰোণৰ বংশই কওঁক, [QE][QS]“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [QE]
4. [QS]যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, [QE][QS]“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [QE]
5. [QS]মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; [QE][QS]যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। [QE]
6. [QS]যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; [QE][QS]মানুহে মোক কি কৰিব পাৰে? [QE]
7. [QS]মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; [QE][QS]গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম। [QE]
8. [QS]মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। [QE]
9. [QS]অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল। [QE]
10. [QS]সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; [QE][QS]মই যিহোৱাৰ অধিকাৰেৰে[* নামেৰে ] তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [QE]
11. [QS]তেওঁলোকে মোক আগুৰি ধৰিলে, [QE][QS]হয়, মোক আগুৰি ধৰিলে; [QE][QS]মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [QE]
12. [QS]তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; [QE][QS]কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; [QE][QS]মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [QE]
13. [QS]মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, [QE][QS]কিন্তু যিহোৱাই মোক সহায় কৰিলে। [QE]
14. [QS]যিহোৱা মোৰ বল আৰু প্রবল শক্তি; [QE][QS]তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল। [QE]
15. [QS]ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; [QE][QS]“যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।” [QE]
16. [QS]যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; [QE][QS]যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে। [QE]
17. [QS]মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, [QE][QS]আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম। [QE]
18. [QS]যিহোৱাই মোক বৰকৈ শাস্তি দিলে; [QE][QS]কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে। [QE]
19. [QS]মোলৈ ধাৰ্মিকতাৰ[† আৰাধনাস্থানৰ ] দুৱাৰবোৰ মুকলি কৰি দিয়া, [QE][QS]যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ। [QE]
20. [QS]এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়। [QE]
21. [QS]মই তোমাৰ ধন্যবাদ কৰোঁ; [QE][QS]কিয়নো তুমি মোক উত্তৰ দিলা; [QE][QS]তুমি মোৰ পৰিত্ৰাণ থ’লো। [QE]
22. [QS]ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, [QE][QS]সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল। [QE]
23. [QS]এইয়া যিহোৱাৰেই কার্য, [QE][QS]আমাৰ দৃষ্টিত অতি আচৰিত লাগে। [QE]
24. [QS]এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; [QE][QS]আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ। [QE]
25. [QS]হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! [QE][QS]হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা। [QE]
26. [QS]ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; [QE][QS]আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ। [QE]
27. [QS]যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; [QE][QS]তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা। [QE]
28. [QS]তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; [QE][QS]তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম। [QE]
29. [QS]তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; [QE][QS]তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। [QE]