1. [QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! [QE][QS]তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; [QE][QS]কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। [QE]
2. [QS]কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? [QE][QS]কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে? [QE]
3. [QS]ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে। [QE]
4. [QS]হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা; [QE][QS]তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা। [QE]
5. [QS]যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, [QE][QS]তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, [QE][QS]আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ। [QE]
6. [QS]আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ; [QE][QS]আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ। [QE]
7. [QS]মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; [QE][QS]তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; [QE][QS]বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে। [QE]
8. [QS]তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে, [QE][QS]যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে। [QE]
9. [QS]তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল; [QE][QS]তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে। [QE]
10. [QS]এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, [QE][QS]শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে। [QE]
11. [QS]জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে, [QE][QS]এজনো বাচি নাথাকিল। [QE]
12. [QS]তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে; [QE][QS]তেওঁৰ প্ৰশংসাৰ গান কৰিলে। [QE]
13. [QS]কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে; [QE][QS]তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে; [QE]
14. [QS]কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, [QE][QS]মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে। [QE]
15. [QS]তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে; [QE][QS]কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ। [QE]
16. [QS]তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি, [QE][QS]আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে। [QE]
17. [QS]পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে। [QE]
18. [QS]তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল। [QE][QS]অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে। [QE]
19. [QS]তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে, [QE][QS]আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে। [QE]
20. [QS]এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে। [QE]
21. [QS]তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, [QE][QS]যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল; [QE]
22. [QS]হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে [QE][QS]আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল। [QE]
23. [QS]সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। [QE][QS]কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল, [QE][QS]আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল। [QE]
24. [QS]তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে, [QE][QS]তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে; [QE]
25. [QS]নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে, [QE][QS]যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে। [QE]
26. [QS]তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, [QE][QS]“মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম; [QE]
27. [QS]তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম। [QE][QS]বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম। [QE]
28. [QS]পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; [QE][QS]মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে। [QE]
29. [QS]এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। [QE][QS]তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল। [QE]
30. [QS]তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে, [QE][QS]তাতে মহামাৰী নিবৃত্ত হ’ল। [QE]
31. [QS]পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল; [QE][QS]পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল। [QE]
32. [QS]তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল, [QE][QS]আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল; [QE]
33. [QS]তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, [QE][QS]তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল। [QE]
34. [QS]যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, [QE][QS]তেওঁলোকে তাক নকৰিলে। [QE]
35. [QS]বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, [QE][QS]আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে। [QE]
36. [QS]তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, [QE][QS]আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল। [QE]
37. [QS]এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে। [QE]
38. [QS]তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, [QE][QS]তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, [QE][QS]কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, [QE][QS]গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল। [QE]
39. [QS]এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; [QE][QS]কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে। [QE]
40. [QS]তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; [QE][QS]নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল। [QE]
41. [QS]তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে; [QE][QS]তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে। [QE]
42. [QS]তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, [QE][QS]তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল। [QE]
43. [QS]তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; [QE][QS]কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; [QE][QS]নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল। [QE]
44. [QS]তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে। [QE]
45. [QS]তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; [QE][QS]নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে। [QE]
46. [QS]যিসকলে তেওঁলোকক বন্দী কৰিছিল, [QE][QS]তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে। [QE]
47. [QS]হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, [QE][QS]জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, [QE][QS]যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, [QE][QS]যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ। [QE]
48. [QS]অনাদি কালৰ পৰা অনন্ত কাললৈকে, [QE][QS]ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; [QE][QS]সকলো লোকে “আমেন” বুলি কওক। [QE][QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE]