1. {সুশিক্ষা গ্ৰহণত পৰম লাভ। } [QS]হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা, [QE][QS]আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা। [QE]
2. [QS]মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ। [QE][QS]মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা। [QE]
3. [QS]মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ, [QE][QS]মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ। [QE]
4. [QS]তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, [QE][QS]“তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; [QE][QS]মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।” [QE]
5. [QS]প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; [QE][QS]মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা। [QE]
6. [QS]প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; [QE][QS]তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব। [QE]
7. [QS]প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; [QE][QS]আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা। [QE]
8. [QS]প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, [QE][QS]তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; [QE][QS]তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব। [QE]
9. [QS]তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, [QE][QS]তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।” [QE]
10. [QS]হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; [QE][QS]তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা। [QE]
11. [QS]মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, [QE][QS]মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ। [QE]
12. [QS]তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; [QE][QS]আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা। [QE]
13. [QS]নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; [QE][QS]ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন। [QE]
14. [QS]পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, [QE][QS]আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা। [QE]
15. [QS]তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, [QE][QS]সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা; [QE]
16. [QS]কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, [QE][QS]আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে। [QE]
17. [QS]কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, [QE][QS]আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে। [QE]
18. [QS]ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, [QE][QS]সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে। [QE]
19. [QS]দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে। [QE]
20. [QS]হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, [QE][QS]মই কোৱা কথা শুনা। [QE]
21. [QS]সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; [QE][QS]সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা। [QE]
22. [QS]কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, [QE][QS]আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ। [QE]
23. [QS]সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, [QE][QS]কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়। [QE]
24. [QS]তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, [QE][QS]আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা। [QE]
25. [QS]তোমাৰ চকুৱে সন্মুখলৈ চাওক, [QE][QS]আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা। [QE]
26. [QS]তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, [QE][QS]তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব। [QE]
27. [QS]সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, [QE][QS]মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।” [QE]