1. {যিৰিমিয়াৰ দুখ আৰু বিশ্বাস। } [QS]যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই। [QE]
2. [QS]তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে। [QE]
3. [QS]নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়। [QE]
4. [QS]তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে। [QE]
5. [QS]তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে। [QE]
6. [QS]বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে। [QE]
7. [QS]মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে। [QE]
8. [QS]যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। [QE]
9. [QS]তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা। [QE]
10. [QS]মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে। [QE]
11. [QS]তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে। [QE]
12. [QS]তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে। [QE]
13. [QS]তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে। [QE]
14. [QS]মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ। [QE]
15. [QS]তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে। [QE]
16. [QS]খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে। [QE]
17. [QS]তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ। [QE]
18. [QS]গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!” [QE]
19. [QS]মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ। [QE]
20. [QS]মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে। [QE]
21. [QS]কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে। [QE]
22. [QS]আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! [QE]
23. [QS]তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! [QE]
24. [QS]মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম। [QE]
25. [QS]যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। [QE]
26. [QS]যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল। [QE]
27. [QS]যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়। [QE]
28. [QS]তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক। [QE]
29. [QS]সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে। [QE]
30. [QS]সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক, [QE]
31. [QS]যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব! [QE]
32. [QS]যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব। [QE]
33. [QS]কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে। [QE]
34. [QS]পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা, [QE]
35. [QS]সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা, [QE]
36. [QS]আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে? [QE]
37. [QS]প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়? [QE]
38. [QS]সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়? [QE]
39. [QS]জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে? [QE]
40. [QS]আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক। [QE]
41. [QS]স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক। [QE]
42. [QS]“আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা। [QE]
43. [QS]তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা। [QE]
44. [QS]তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে। [QE]
45. [QS]তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা। [QE]
46. [QS]আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে। [QE]
47. [QS]সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।” [QE]
48. [QS]মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে। [QE]
49. [QS]মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে; [QE]
50. [QS]যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে। [QE]
51. [QS]মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে। [QE]
52. [QS]শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে। [QE]
53. [QS]তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল[* তেওঁলোকে অন্ধকুপত মোক দলিয়াই দিলে আৰু মোৰ ওপৰত শিল দলিয়ালে। ]। [QE]
54. [QS]মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!” [QE]
55. [QS]হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ। [QE]
56. [QS]যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা। [QE]
57. [QS]তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!” [QE]
58. [QS]হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা। [QE]
59. [QS]হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা। [QE]
60. [QS]তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা। [QE]
61. [QS]হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা। [QE]
62. [QS]তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা। [QE]
63. [QS]তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়। [QE]
64. [QS]হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া। [QE]
65. [QS]তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক। [QE]
66. [QS]তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা। [QE]