1. {কাৰ্যত নিযুক্ত হোৱা যিচয়াৰ দৰ্শন। } [PS]উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
2. তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
3. প্রতিজনে আন জনক মাতি ক’লে, [PE][QS]“পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।” [QE]
4. [PS]আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে। [QE]
5. [QS]মই তেতিয়া কলোঁ, [QE][QS]মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, [QE][QS]আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; [QE][QS]কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ। [QE]
6. [PS]তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
7. তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে, [QE][QS]“চোৱা, ই তোমাৰ ওঁঠত স্পৰ্শ কৰিছে; তোমাৰ অপৰাধ গুচোৱা হ’ল, আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ’ল।” [QE]
8. [PS]মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।” [QE]
9. [QS]তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, [QE][QS]‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা। [QE]
10. [QS]এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; [QE][QS]সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।” [QE]
11. [QS]তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, [QE][QS]যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, [QE][QS]আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনশূন্য হোৱা জাবৰৰ দ্বৰে নহয়, [QE]
12. [QS]যিহোৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়াই, আৰু দেশ নিৰ্জনতাৰে পৰিত্যক্ত নহ’ব। [QE]
13. [QS]যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব; [QE][QS]যি দৰে এলা আৰু ওক গছ কটা হ’য়, কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, [QE][QS]পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়।” [QE]